dcsimg

বক ফুল ( асамски )

добавил wikipedia emerging languages

বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী:vegetable hummingbird,[3], agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না),[4][5] লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷

বিৱৰণ

বক ফুল এবিধ খৰকৈ বৃদ্ধি পোৱা গছ৷ গছজোপাৰ ৩-৮ মিটাৰ পৰ্য্যন্ত ওখ হ’ব পাৰে৷ গা-গছৰ পৰা উৎপত্তি হোৱা শাখা-প্ৰশাখাবিলাক সেৰেঙা হয়৷ গছজোপাৰ বাকলি ছাই বৰণীয়া৷

ইয়াৰ পাতবোৰ ডিম্বাকৃতিৰ৷ ফুলৰ বৰণ শুধ বগা৷ সেউজ-বুলীয়া চুপহিৰ ভিতৰফালে বিকাশ লাভ কৰি থকা ডাঙৰ আকাৰৰ পাহিয়ে শামুকৰ বাকলিৰ দৰে পুংকেশৰ আৰু গৰ্ভকেশৰত উৎপত্তি হোৱা ৰেণুবিলাক আৱৰি ৰাখে৷ [4]

বিস্তৃতি

বক ফুল দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ৷ এই গছ মালয়েছিয়া, ফিলিপিনছ, ব্ৰুনেইৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত৷ ভাৰত আৰু শ্ৰীলংকাৰ বহুঠাইত ইয়াৰ খেতিও কৰা হয়৷[6] এই গছ গৰম আৰু আৰ্দ্ৰ ঠাইত সাৰুৱা মাটিত ওপজে৷

ব্যৱহাৰ

বক ফুলৰ পাতৰ ৰসত লিন’লেনিক এচিড (linolenic acid) আৰু এছপাৰ্টিক এচিড (aspartic acid) আছে বুলি জনা যায়৷ এইবাবে পাতৰ ৰসে দেহত সৰল শৰ্কৰাৰ সৈতে প্ৰ’টিন যোগ হোৱাত বাধা দি (anti-glycation) ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে৷ [7][8][9]

বক ফুল দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, শ্ৰীলংকা, লাওছ, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালদ্বীপ, ফিলিপিনছ আদিত সিজাই বা কেঁচাকৈ খোৱা হয়৷ [10][11]ভাৰতত সাধাৰণতে আটা বা ময়দা পানীৰ সৈতে গুলি বক ফুল মিহলাই লৈ ভাজি খায়৷[4]

চিত্ৰভঁৰাল

তথ্যউৎস

  1. Prajapti, Purohit, Sharma, Kumar, A Handbook of medicinal plants, Agro Bios (India), Edition Ist 2003, Page.473
  2. "Sesbania grandiflora (L.) Pers. — The Plant List". http://www.theplantlist.org/tpl/record/ild-24585। আহৰণ কৰা হৈছে: 17 June 2019.
  3. "বক ফুল". প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ.ৰ পৰা 10 November 2015 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=SEGR5.
  4. 4.0 4.1 4.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  5. Joshi S. G., Medicinal Plants, Medicinal plants, Oxford & IBH Publishing Co. Pvt. Ltd. bks)
  6. Kirtikar K. R. & B. D. Basu, Indian Medicinal Plants Vol-I, International Book Distributor & Publisher, Dehradun, Edition 2005, bks pp. 735–736
  7. Prasanna, G.; Saraswathi, N. T. (2013). "The therapeutic role of Sesbania grandiflora as an inhibitor of Advanced Glycation Endproduct (AGE) formation and the discovery of lead compounds for managing hyperglycaemia". Planta Medica খণ্ড 79 (13): PN84. doi:10.1055/s-0033-1352426.
  8. Prasanna, Govindarajan (2016). "Linolenic acid prevents early and advanced glycation end-products (AGEs) modification of albumin". International Journal of Biological Macromolecules খণ্ড 95: 121–125. doi:10.1016/j.ijbiomac.2016.11.035. PMID 27845223.
  9. Prasanna, Govindarajan (2015). "Aspartic acid functions as carbonyl trapper to inhibit the formation of advanced glycation end products by chemical chaperone activity". Journal of Biomolecular Structure and Dynamics খণ্ড 34 (5): 943–951. doi:10.1080/07391102.2015.1060160. PMID 26325019.
  10. LittleBigThaiKitchen (12 March 2012). "Kaeng Khae Kai (Katurai Chilli Soup with Chicken)". https://www.youtube.com/watch?v=E92bq_9fJp8। আহৰণ কৰা হৈছে: 17 June 2019.
  11. Thailand Illustrated Magazine Archived 2011-07-18 at the Wayback Machine.

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages

বক ফুল: Brief Summary ( асамски )

добавил wikipedia emerging languages

বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী:vegetable hummingbird,, agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না), লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷

лиценца
cc-by-sa-3.0
авторски права
Wikipedia authors and editors
изворно
посети извор
соработничко мреж. место
wikipedia emerging languages