dcsimg

কুৰুলী ফেঁচা ( Assamese )

provided by wikipedia emerging languages

কুৰুলী ফেঁচা (ইংৰাজী: Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি৷ ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে৷ খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়৷ ই অট্টালিকা বা শিলত থকা সুৰুঙা অথবা গছৰ খোৰোঙত সৰু গোটত জিৰণি লয়৷ [2]

বিৱৰণ

 src=
পুণেত এটা পূৰ্ণবয়স্ক কুৰুলী ফেঁচা

কুৰুলী ফেঁচাৰ দেহটো থোপোকা৷ দৈৰ্ঘ্য প্ৰায় ২১ ছে:মি:৷ দেহৰ ওপৰৰ অংশ মটিয়া-মুগা বৰণৰ আৰু বগা ফুটুকীয়া দাগেৰে পৰিপূৰ্ণ৷ তলৰ অংশ বগা আৰু মটিয়া ৰঙৰ ফুটুকীয়া৷ ইয়াৰ চকুৰ মণিৰ বৰণ হালধীয়া৷ ইয়াৰ চকুৰ চেলাউৰি (supercilium) আৰু ডিঙিৰ পটা বগা ৰঙৰ৷ মতা আৰু মাইকী দেখিবলৈ একে হয়৷[3]

টেক্স'নমি

কুৰুলী ফেঁচাৰ পাঁচবিধ উপ-প্ৰজাতি বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে-

আচৰণ

 src=
কলকাতাত কুৰুলী ফেঁচা

কুৰুলী ফেঁচা সাধাৰণতে নিশাচৰ যদিও ইয়াক কেতিয়াবা দিনৰ ভাগতো দেখা পোৱা যায়৷ [6] গছত জিৰণি লোৱা অৱস্থাত অন্য চৰা্য়ে ইয়াকজাক পাতি খেদা (mob) দেখা যায়৷ ইয়াৰ মাতটো তীক্ষ্ণ (harsh and loud)৷ ই প্ৰধানকৈ পুৱতি নিশা বা সুৰ্য্য অস্ত যোৱাৰ পিছত মাত মাতে৷ [3][7]

খাদ্য

কুৰুলী ফেঁচাই সাধাৰণটে বিভিন্ন ধৰণৰ পোক-পতংগ আৰু সৰু আকাৰৰ মেৰুদণ্ডী প্ৰাণী চিকাৰ কৰি খায়৷ t[8] মেৰুদণ্ডী প্ৰাণীৰ ভিতৰত নিগনি, বাদুলী, ভেকুলী, সৰু সাপ আদিয়ে প্ৰধান৷ [9][10] তাৰোপৰি কেতিয়াবা ইহঁতে বৃশ্চিক তথা মলাস্কা আদিও আহাৰ হিচাপে গ্ৰহণ কৰে বুলি জনা যায়৷ [11]

প্ৰজনন

কুৰুলী ফেঁচাই সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহত প্ৰজনন কৰে৷ [3] ই গছৰ সুৰুঙা বা ওখ মথাউৰিত গাঁত খান্দিও বাহ সাজে৷ [12] বাহটোত গছৰ পাত, গাৰ পাখি আদিৰে সাজে৷ এবাৰত ই সাধাৰণতে তিনিৰ পৰা চাৰিটাকৈ কণী পাৰে৷ পোৱালিক ই প্ৰথমে পোক-পতংগ, পইতাচোৰা আদি আৰু পিছলৈ সৰু প্ৰাণী যেনে নিগনি আদি খুৱায়৷ [13] পোৱালিয়ে জন্মৰ ২০-২৮ দিনৰ ভিতৰত বাহ এৰে৷[9]

তথ্যসুত্ৰ

  1. BirdLife International (2012). "Athene brama". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002288। আহৰণ কৰা হৈছে: 16 July 2012.
  2. Pande, Satish; Amit Pawashe; Murlidhar N. Mahajan; Charu Joglekar & Anil Mahabal (2007). "Effect of Food and Habitat on Breeding Success in Spotted Owlets (Athene brama) Nesting in Villages and Rural Landscapes in India". Journal of Raptor Research খণ্ড 41 (1): 26–34. doi:10.3356/0892-1016(2007)41[26:EOFAHO]2.0.CO;2.
  3. 3.0 3.1 3.2 Rasmussen PC & JC Anderton (2005). Birds of South Asia: The Ripley Guide.. 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 246–247.
  4. Ali, S & S D Ripley (1981). Handbook of the birds of India and Pakistan. 3 (2 সম্পাদনা). Oxford University Press. পৃষ্ঠা. 299–302. ISBN 0-19-562063-1.
  5. Baker, E. C. S. (1919). "Descriptions of subspecies of Carine brama". Bulletin B.O.C. খণ্ড 40: 60–61.
  6. Ali, Salim (1996). The Book of Indian Birds. (12 সম্পাদনা). Oxford University Press. ISBN 0-19-561634-0.
  7. Brahmachary, R. L.; Basu, T. K.; Sengupta, A. J. (1972). "On the daily screeching time of a colony of spotted owls Athene brama (Temminck)". J. Bombay Nat. Hist. Soc. খণ্ড 69 (3): 649–651.
  8. Jain AP, R Advani (1983). "Winter food of spotted owlet, Athene brama indica". Journal of the Bombay Natural History Society খণ্ড 80 (2): 415–416.
  9. 9.0 9.1 Anika Jadhav, Parasharya, B. M. (2003). "Some observations on the nesting behaviour and food of the spotted owlet Athene brama" (PDF). Zoos'print journal খণ্ড 18 (8): 1163–1165. http://www.zoosprint.org/ZooPrintJournal/2003/August/1163-1165.pdf.
  10. Santhanakrishnan R; Ali AHMS; Anbarasan U (2011). "Food habits and prey spectrum of Spotted Owlet (Athene brama) in Madurai District, Tamil Nadu, southern India". Chinese Birds খণ্ড 2 (4): 193–199. doi:10.5122/cbirds.2011.0027.
  11. Pande, S., A. Pawashe, D.B. Bastawade & P.P. Kulkarni (2004). "Scorpions and molluscs: some new dietary records for Spotted Owlet Athene brama in India". Newsletter for Ornithologists খণ্ড 1 (5): 68–70.
  12. Satish Pande, Amit Pawashe, M.N. Mahajan & Anil Mahabal (2006). "Changing nest site preference for holes in earth cuttings in Spotted Owlet Athene brama" (PDF). Indian Birds খণ্ড 2 (1): 7–8. http://www.indianbirds.in/pdfs/Changing%20nest%20site%20preference.pdf.
  13. Pande S; Pawashe A; Mahajan MB; Mahabal A; Yosef R; Dahanukar N (2011). "Biometry based ageing of nestling Indian Spotted Owlets ( Athene brama brama)". Zookeys খণ্ড 132 (132): 75–88. doi:10.3897/zookeys.132.1346. PMID 22140335.

লগতে চাওক

  • Kumar,TS; Rao,JVR (1984). "Diurnal changes in the body temperature of nestling Spotted Owlet, Athene brama brama (T)". Geobios, Jodhpur খণ্ড 11 (5): 216–218.
  • Lamba,BS; Tyagi,AK (1976). "Incubation period in Northern Spotted Owlet, Athene brama indica (Franklin)". Newsl. Zool. Surv. India খণ্ড 2 (4): 128–129.
  • Suresh, Kumar T. (1980). The life-history of the Spotted Owlet (Athene brama brama Temminck) in Andhra Pradesh.. Raptor Research Centre, Hyderabad. Pub. No. 4..
  • Mahmood-ul-Hassan, Muhammad; Beg, Mirza Azhar; Mushtaq-ul-Hassan, Muhammad; Rana, Shahnaz Ahmed (2007). "Nesting and Breeding Habits of the Spotted Owlet (Athene brama) in Punjab, Pakistan". Journal of Raptor Research খণ্ড 41 (1): 50–52. doi:10.3356/0892-1016(2007)41[50:NABHOT]2.0.CO;2.
Spotted Owlet mobbed by a Rufous Treepie (Fort Aguada, Goa)

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

কুৰুলী ফেঁচা: Brief Summary ( Assamese )

provided by wikipedia emerging languages

কুৰুলী ফেঁচা (ইংৰাজী: Spotted Owlet, বৈজ্ঞানিক নাম-Athene brama) এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি৷ ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে৷ খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়৷ ই অট্টালিকা বা শিলত থকা সুৰুঙা অথবা গছৰ খোৰোঙত সৰু গোটত জিৰণি লয়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors